*ধান ক্ৰয় প্ৰক্ৰিয়াক অধিক গতিশীল কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ জাগীভকতগাঁও ধান ক্ৰয় কেন্দ্ৰ মুকলি*
চৰকাৰৰ নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ জৰিয়তে কৃষক ৰাইজৰ সৰ্বাংগীন উন্নয়ন তথা প্ৰক্ৰিয়াটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিভাগ তথা অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত জাগীভকতগাঁও ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই উপলক্ষে জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ উপস্থিতিত ‘ধান ক্ৰয় নিৰীক্ষণ সমিতিৰ সভা’ তথা ‘ধান ক্ৰয় সম্পৰ্কীয় সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সহকাৰী আয়ুক্ত শুভংকৰ হৌৰ আৰু কৃষক মৰ্চা মৰিগাঁৱৰ সভাপতি নয়নমণি বৰুৱা মূখ্য অতিথি হিচাপে উপস্থিত থাকে। কৃষকসকলৰ কষ্টোপাৰ্জিত উৎপাদিত ধানৰ উচিত মূল্য সুনিশ্চিত কৰাৰ লক্ষ্যৰে এইবাৰ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থন মূল্য চৰকাৰৰ দ্বাৰা ২৬৪০ টকা নিৰ্ধাৰণ কৰা হৈছে। ধান ক্ৰয় প্ৰক্ৰিয়াটো স্বচ্ছ, নিয়মিত আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে, সেই সন্দৰ্ভত সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া গৰাকীয়ে কৃষক সকলক ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৰাহি হোৱা ধান বিক্ৰিৰ জৰিয়তে উচিত মূল্য লাভ কৰি আৰ্থিকভাৱে লাভান্বিত হ'বলৈ আহ্বান জনায়। এই অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া বীৰেন সিং পেগু, ধান ক্ৰয় কেন্দ্ৰটোৰ প্ৰৱন্ধক হেমপদ ডেকা, পঞ্চায়তৰ প্ৰতিনিধি হৰিচন্দ্ৰ দেউৰী, মিডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথ, কৃষি সম্প্ৰসাৰণৰ সহায়ককে ধৰি সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।