অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনস্থ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ওদালগুৰি জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা কলাইগাঁৱৰ লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুলত অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰি উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে চক্ৰ বিষয়া ডাঃ প্ৰীয়ংকা বনিয়াই। ইপিনে অনুষ্ঠানত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, বিদ্যালয়ৰ পৰিদৰ্শক ভবেন দেউৰী, প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।