Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Bollywood
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana

ওদালগুৰি: কলাইগাঁৱত অনুষ্ঠিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা উদ্বোধন কৰে চক্ৰ বিষয়া ডাঃ প্ৰীয়ংকা বনিয়াই

Udalguri, Udalguri | Nov 21, 2025
অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনস্থ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ওদালগুৰি জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা কলাইগাঁৱৰ লোকপ্ৰিয় বৰদলৈ পাব্লিক স্কুলত অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰি উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে চক্ৰ বিষয়া ডাঃ প্ৰীয়ংকা বনিয়াই। ইপিনে অনুষ্ঠানত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, বিদ্যালয়ৰ পৰিদৰ্শক ভবেন দেউৰী, প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

MORE NEWS

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ওদালগুৰি অসামৰিক চিকিৎসালয়ত এক স্বেচ্ছা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত ভাৰতীয় সেনাৰ RED HORN GUNNERS আৰু SSB, লালপুলৰ জোৱানসকলে অংশগ্ৰহণ কৰে।শিবিৰত মুঠ ৭১ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয়

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ওদালগুৰি অসামৰিক চিকিৎসালয়ত এক স্বেচ্ছা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত ভাৰতীয় সেনাৰ RED HORN GUNNERS আৰু SSB, লালপুলৰ জোৱানসকলে অংশগ্ৰহণ কৰে।শিবিৰত মুঠ ৭১ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয়

Udalguri, Udalguri | Jun 15, 2026

সলনি হ'ব ওদালগুৰিৰ উন্নয়নৰ ছবি ! মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। এই বছৰে আৰম্ভ হ'ব জাগীৰোডৰ পৰা ওদালগুৰিৰ মাজেৰে ভূটানলৈ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম।

#HimantaBiswaSarma
#Udalgurilive
#Udalguri

সলনি হ'ব ওদালগুৰিৰ উন্নয়নৰ ছবি ! মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। এই বছৰে আৰম্ভ হ'ব জাগীৰোডৰ পৰা ওদালগুৰিৰ মাজেৰে ভূটানলৈ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম। #HimantaBiswaSarma #Udalgurilive #Udalguri

Udalguri, Udalguri | Jun 14, 2026

ওদালগুৰি তথা বিটিচিৰ যুৱ প্ৰজন্মৰ বাবে এটা ভাল খবৰ।আপোনাৰ সপোনক দিয়ক এক নতুন উৰণ!আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ক কেৱল এটা সঠিক সিদ্ধান্তৰে। সপোন আপোনাৰ, দায়িত্ব সত্যমৰ! বিটিচিৰ শিক্ষাৰ্থীৰ বাবে থাকিব বিশেষ অফাৰ 
ওদালগুৰিতে ল‌ওক স্পট এডমিচন, পূৰণ কৰক আপোনাৰ সপোন।

🚫 No CUET Required 🚫 No ASSAM CEE Required 🚫 No Other Entrance Exams Required
📚 Secure Your Seat Today!
⚠️ Limited Seats Available
📞 Call Now: 9401000578

ওদালগুৰি তথা বিটিচিৰ যুৱ প্ৰজন্মৰ বাবে এটা ভাল খবৰ।আপোনাৰ সপোনক দিয়ক এক নতুন উৰণ!আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ক কেৱল এটা সঠিক সিদ্ধান্তৰে। সপোন আপোনাৰ, দায়িত্ব সত্যমৰ! বিটিচিৰ শিক্ষাৰ্থীৰ বাবে থাকিব বিশেষ অফাৰ ওদালগুৰিতে ল‌ওক স্পট এডমিচন, পূৰণ কৰক আপোনাৰ সপোন। 🚫 No CUET Required 🚫 No ASSAM CEE Required 🚫 No Other Entrance Exams Required 📚 Secure Your Seat Today! ⚠️ Limited Seats Available 📞 Call Now: 9401000578

Udalguri, Udalguri | Jun 13, 2026

হেৰাই গল এটি প্ৰতিভা। ১১ জুন তাৰিখে এটা পথ দুৰ্ঘটনাত চিৰ দিনৰ বাবে হেৰাই গল ওদালগুৰি জিলাৰ ভেৰগাঁওৰ সমৰজিৎ বড়ো। সমৰজিৎ আছিল এগৰাকী অতি সম্ভাৱনাপূৰ্ণ সংগীতশিল্পী।
     মাত্ৰ ২১ বছৰ বয়সতে প্ৰচুৰ সম্ভাৱনাৰ অধিকাৰী আৰু সুমধুৰ কণ্ঠৰ গৰাকী সমৰজিৎ বড়ো বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ সাংস্কৃতিক জগতৰ এজন উজ্জ্বল উদীয়মান নক্ষত্ৰ আছিল। অতি চুটি সংগীত জীৱনতেই তেওঁ নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ২০২২ চনত বড়ো চিনে আৰ্টিষ্ট এছ’চিয়েচন (BCAA)ৰ উদ্যোগত আয়োজিত সংগীত প্ৰতিযোগিতা ‘ভইচ অফ বড়ো’ (Voice of Bodo’s)-ত তেওঁ প্ৰথম স্থান লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
     ইয়াৰ উপৰি, টংলা জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ গীতৰ বাৰ্ষিক প্ৰতিযোগিতাসমূহতো তেওঁ ধাৰাবাহিকভাৱে অংশগ্ৰহণ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। ২০২২ চনত দ্বিতীয় স্থান, ২০২৩ চনত দ্বিতীয় স্থান আৰু ২০২৪ চনত তৃতীয় স্থান লাভ কৰি তেওঁ ক্লাৱৰ এজন অপৰিহাৰ্য আৰু অতি মৰমৰ সতীৰ্থ হিচাপে পৰিগণিত হৈছিল।
     তদুপৰি, ২০২৪ চনত  আধুনিক সংগীত প্ৰতিযোগিতাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত দ্বিতীয় স্থান লাভ কৰি টংলা মহাবিদ্যালয়লৈও গৌৰৱ কঢ়িয়াই আনিছিল।
     কম বয়সত কৰ্মজীৱনৰ লগতে সামাজিক জীৱনতো সক্ৰিয়ভাৱে জড়িত সমৰজিৎ বড়ো বৰ্তমান নিখিল বড়ো ছাত্ৰ সন্থা (ABSU), ভেৰগাঁও আঞ্চলিক সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক (Assistant Cultural Secretary) পদত দায়িত্ব পালন কৰি আছিল।

হেৰাই গল এটি প্ৰতিভা। ১১ জুন তাৰিখে এটা পথ দুৰ্ঘটনাত চিৰ দিনৰ বাবে হেৰাই গল ওদালগুৰি জিলাৰ ভেৰগাঁওৰ সমৰজিৎ বড়ো। সমৰজিৎ আছিল এগৰাকী অতি সম্ভাৱনাপূৰ্ণ সংগীতশিল্পী। মাত্ৰ ২১ বছৰ বয়সতে প্ৰচুৰ সম্ভাৱনাৰ অধিকাৰী আৰু সুমধুৰ কণ্ঠৰ গৰাকী সমৰজিৎ বড়ো বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ সাংস্কৃতিক জগতৰ এজন উজ্জ্বল উদীয়মান নক্ষত্ৰ আছিল। অতি চুটি সংগীত জীৱনতেই তেওঁ নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ২০২২ চনত বড়ো চিনে আৰ্টিষ্ট এছ’চিয়েচন (BCAA)ৰ উদ্যোগত আয়োজিত সংগীত প্ৰতিযোগিতা ‘ভইচ অফ বড়ো’ (Voice of Bodo’s)-ত তেওঁ প্ৰথম স্থান লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰি, টংলা জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ গীতৰ বাৰ্ষিক প্ৰতিযোগিতাসমূহতো তেওঁ ধাৰাবাহিকভাৱে অংশগ্ৰহণ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। ২০২২ চনত দ্বিতীয় স্থান, ২০২৩ চনত দ্বিতীয় স্থান আৰু ২০২৪ চনত তৃতীয় স্থান লাভ কৰি তেওঁ ক্লাৱৰ এজন অপৰিহাৰ্য আৰু অতি মৰমৰ সতীৰ্থ হিচাপে পৰিগণিত হৈছিল। তদুপৰি, ২০২৪ চনত আধুনিক সংগীত প্ৰতিযোগিতাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত দ্বিতীয় স্থান লাভ কৰি টংলা মহাবিদ্যালয়লৈও গৌৰৱ কঢ়িয়াই আনিছিল। কম বয়সত কৰ্মজীৱনৰ লগতে সামাজিক জীৱনতো সক্ৰিয়ভাৱে জড়িত সমৰজিৎ বড়ো বৰ্তমান নিখিল বড়ো ছাত্ৰ সন্থা (ABSU), ভেৰগাঁও আঞ্চলিক সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক (Assistant Cultural Secretary) পদত দায়িত্ব পালন কৰি আছিল।

Udalguri, Udalguri | Jun 13, 2026

বড়ো শ্বহীদ দিৱসৰৰ দিনা ৰক্তদান কৰিলে এবছুৰ প্ৰাক্তন সভাপতি দ্বীপেন বড়োই। নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত এটি ৰক্তদান শিৱিৰ অনিষ্ঠিত কৰা হয়। ৩৯ সংখ্যক বড়ো শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই ৰক্তদান শিৱিৰত এশৰো অধিক এবছুৰ-নেতা কৰ্মী তথা সমৰ্থকে ৰক্তদান কৰে।

বড়ো শ্বহীদ দিৱসৰৰ দিনা ৰক্তদান কৰিলে এবছুৰ প্ৰাক্তন সভাপতি দ্বীপেন বড়োই। নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰৰ সহযোগত আজি ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত এটি ৰক্তদান শিৱিৰ অনিষ্ঠিত কৰা হয়। ৩৯ সংখ্যক বড়ো শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই ৰক্তদান শিৱিৰত এশৰো অধিক এবছুৰ-নেতা কৰ্মী তথা সমৰ্থকে ৰক্তদান কৰে।

Udalguri, Udalguri | Jun 12, 2026