বামুনজুলিত বিগত দিনত হৈ যোৱা তিহাৰ সমাৰোহ আৰু অধিবেশনৰ হিচাপ দাখিল সভা এখন আজি বামুণজুলিত অনুষ্ঠিত হয়। উক্ত সভাত পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি খনক জিলা আগছু কাৰ্যনিৰ্বাহক ৰূপম আট্টেই শপত বাক্য পাঠ কৰোৱায়। আনহাতে সভা খনত প্ৰাক্তন সভাপতি মনিষ নিম্বু, আঞ্চলিকৰ সভাপতি কিশোৰ ৰায় প্ৰমুখ্যে সংগঠনৰ প্ৰতিনিধি আৰু আৰু কাৰ্যকতা সকল উপস্থিত থাকে।