যোৱা ১৫ নৱেম্বৰত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ LP আৰু UP শিক্ষক নিযুক্তিৰ বাবে এখন ৯৬জনীয়া মেৰিট লিষ্ট ওলায়। লিষ্ট খনত ২৩ গৰাকী অন্য জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জিলা আছাই সন্দেহ প্ৰকাশ কৰে।লগতে অহা ২০ নৱেম্বৰত উক্ত প্ৰাৰ্থী সকলক অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিব। উক্ত ২৩ গৰাকী প্ৰাৰ্থীৰ ওপৰত তদন্ত কৰিবলৈ সংবাদ মেল যোগে জিলা আছাৰ সভাপতি শিৱদত তান্তীয়ে চৰকাৰক দাবী জনায়। আনহাতে আজি বিষয়টোৰ সন্দৰ্ভত জিলা আছাই জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।