সোণাৰি: খনা বাগিছা, মোহন গাঁও, চিংলো অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা আবকাৰী বিভাগৰ, ৪৮০ লিটাৰ পাছ নষ্ট
চৰাইদেউ জিলা আবকাৰী বিভাগে চাফ্ৰাই খনা বাগিছা, মোহন গাঁও, চিংলৌ আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত ৪৮০ লিটাৰ চুলাই মদৰ পাছ নষ্ট কৰাৰ লগতে বিক্ৰীৰ বাবে ৰখা ২০ লিটাৰ চুলাই মদ আৰু চুলাই তৈয়াৰ কৰা যন্ত্ৰ ৪টা নষ্ট কৰে।