সোণাৰি: সোণাৰি কানুভুগবাৰীত অৰুণোদয় পত্ৰ জব্দ ৰাইজৰ
চৰাইদেউ জিলাৰ সোণাৰিত অৰুনোদই ফৰ্ম জব্দ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি বিধান সভা সমষ্টৰ কানু ভোগবাৰী লেকামপথাৰ গাওঁত আজি পুৱা ৰাইজে জব্দ কৰে প্ৰায় পঞ্চাশ খনকৈ বিজেপি দলৰ সদস্যই বিতৰণ কৰি থকা ফৰ্ম।উল্লেখ যে আজি পুৱাই গাঁও খনৰ অভিৰাম কৰ্মকাৰৰ ঘৰত ১নং কানুগাওঁৰ নিবাসী চেনিৰাম চেতিয়াই আহি কিছুমান শাসকীয় দলৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো সংলগ্ন ফৰ্ম বিতৰণ কৰি থকা সময়তে গাওঁৰ বহু সংখ্যক ৰাইজ একত্ৰিতহৈ তেওঁক জব্দ কৰে।