সোণাৰি: ১১ এপ্ৰিলত সত্ৰ ন্যায়াধীশ আদালত চৌহদত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত
সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১ এপ্ৰিল তাৰিখে দিনৰ ১০ বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখনি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। উক্ত দিনা বিভিন্ন ধৰণৰ গোচৰ যেনে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৩, ৩৪১ , ৩৪২, ৪৪৮, ৫০৬, ৩৫২ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, মটৰ যান বাহনৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰা হ'ব।