সোণাৰি: ভজো চাংমাই গাঁৱত অগপৰ উদ্যোগত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
আজি মঙলবাৰে পুৱা ১১ বজাত ভজো চাংমাই গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ উদ্যোগত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা । উক্ত সভাত সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, তাই আহোম উন্নয়ণ পৰিষদৰ সদস্য গীৰিণ গগৈ আদি উপস্থিত থাকে।