মাহমৰা: মাহমৰাৰ ঈষাণু চুতীয়াক চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ
নৱগঠিত চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতিৰ দায়িত্ব লাভ কৰিছে মাহমৰাৰ মৰাণহাটৰ ঈষাণু চুতীয়াই ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুৱেইৰ আনমে আজি এক নিৰ্দেশযোগে মাহমৰাৰ মৰাণহাট নিবাসী, যুৱ কংগ্ৰেছ কৰ্মী ঈষাণু চুতীয়াক চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ উপ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ ঈষাণু চুতীয়া মাহমৰা সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় নেতা হিচাপে দীৰ্ঘদিন জড়িত থকাৰ লগতে চৰাইদেউ জিলা যুৱ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৷