মাহমৰা: মাহমৰাৰ বালিখুটিত তৃতীয় বাৰ্ষিক প:ৰাগ গৃদু উৎসৱত অংশগ্ৰহন কৰে কংগ্ৰেছৰ ৰাজ্যিক সা: সম্পাদক সুুৰুজ দিহিঙীয়াই
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বালিখুটি গোমোঠা গাঁৱত আজি গাওঁবাসীৰ উদ্যোগত উলহ-মালহেৰে মিচিং সমাজৰ তৃতীয় বাৰ্ষিক প:ৰাগ গৃদু ২০২৪ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া ৷ মিচিং সমাজৰ পৰম্পৰাগত এই অনুষ্ঠানত কংগ্ৰেছ নেতাগৰাকীৰ লগতে চৰাইদেউ জিলা সাহিত্য সভাৰ উপসভাপতি ভীমবৰ পাতিৰি, সমাজকৰ্মী, শিক্ষক দীননাথ পাংগিঙৰ লগতে বহুকেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷