মাহমৰা: কচুমাৰীত মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত জিলা আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ অংশগ্ৰহণ
কচুমাৰী বহমুখী ভৱনত আজি বিজেপিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট অতিথি হিচাপে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা উপস্থিত থাকে ৷ সভাত চৰাইদেউ জিলা বিজেপিৰ উপসভাপতি ক্ৰমে ৰ'জ কমল মহন আৰু মন্টু কোঁৱৰ সহ মাহমৰা গ্ৰাম্য মণ্ডলৰ বিষয়ববীয়া আৰু শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ৷