সকলোৰে বাবে সুলভ কৰ্কট চিকিৎসা সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে মৰিগাঁৱত বিশেষ সক্ষমতা বিকাশ কাৰ্যসূচী
মৰিগাঁও, ৫ নৱেম্বৰঃ জিলা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসা সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ আৰু গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘Affordable Cancer Care for All’ শীৰ্ষক বিশেষ প্ৰকল্পৰ অধীনত চিকিৎসা বিষয়া আৰু দন্ত চিকিৎসকসকলৰ বাবে আয়োজিত সক্ষমতা বিকাশ কাৰ্যসূচীৰ তৃতীয় দিনৰ কাৰ্যসূচী আজি মৰিগাঁৱত সফল ভাবে অনুষ্ঠিত হয়।
টাটা মেম’ৰিয়েল চেণ্টাৰ (TMC), মুম্বাইৰ উদ্যোগত ড° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান (BBCI), গুৱাহাটী আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ সহযোগত আয়োজিত এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে জিলা পৰ্যায়ত কৰ্কট ৰোগ প্ৰতিৰোধ, আগতীয়া চিনাক্তকৰণ, ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ আৰু বিকেন্দ্ৰীকৃত কৰ্কট চিকিৎসা সেৱা ব্যৱস্থাক অধিক সুদৃঢ় কৰি তোলা। একে সময়তে, স্বাস্থ্যসেৱাৰ সৈতে জড়িত কৰ্মীসকলৰ পেছাগত দক্ষতা আৰু কাৰিকৰী জ্ঞান বৃদ্ধিৰ জৰিয়তে তৃণমূল পৰ্যায়তে কৰ্কট চিকিৎসা সেৱাৰ মান উন্নত কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি CCE-ACTREC, মুম্বাই, BBCI, গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক সহযোগিতা গঢ়ি তোলাও এই পদক্ষেপৰ অন্যতম লক্ষ্য।
আজিৰ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) ড° নিলাক্ষী বৈশ্য, ACS-এ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ জিলা পৰ্যায়ত কৰ্কট ৰোগীৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত চিকিৎসা সেৱা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে কৰ্কট ৰোগৰ ক্ষেত্ৰত সময়মতে চিনাক্তকৰণ, সঠিক চিকিৎসা পৰামৰ্শ আৰু উপযুক্ত চিকিৎসা প্ৰতিষ্ঠানলৈ ৰোগী প্ৰেৰণৰ ব্যৱস্থাই চিকিৎসাৰ সফলতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তেওঁ লগতে কৰ্কট ৰোগ সম্পৰ্কে সমাজৰ প্ৰতিটো স্তৰতে সজাগতা সৃষ্টিৰ লগতে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্বাস্থ্যসেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক অধিক নিষ্ঠা, দায়বদ্ধতা আৰু সক্ৰিয়তাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে আগতীয়াকৈ ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিলে ৰোগীৰ জীৱন ৰক্ষাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে পলমকৈ ৰোগ ধৰা পৰাৰ ফলত সৃষ্টি হ’ব পৰা অনাকাংক্ষিত প্ৰাণহানিও বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়।
অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ শৈলেন্দ্ৰ বৰ্ধন বৰা, জিলা নডেল বিষয়া ডাঃ জয়া বড়ো, টাটা মেম’ৰিয়েল চেণ্টাৰ, মুম্বাইৰ সমল ব্যক্তিসকলৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা চিকিৎসা বিষয়া আৰু দন্ত চিকিৎসকসকল উপস্থিত থাকে।