জিলা খনৰ চেমনীয়াপাৰাত অৱস্থিত বিষ্ণু মন্দিৰৰ মনিকূট নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। উক্ত বিষ্ণু মন্দিৰৰ মনিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই। আনহাতে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।