*জিলা আয়ুক্ত সৃষ্টি সিংৰ বিদায় উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ সম্বৰ্ধনা*
চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী সৃষ্টি সিংহ, IAS-ৰ বাক্সা জিলাৰ জিলা আয়ুক্ত হিচাপে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত শনি বাৰে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁক এক আন্তৰিক আৰু আবেগিক বিদায় সম্বৰ্ধনা জনোৱা হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকলৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
উল্লেখ্য যে, ২০২৬ চনৰ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক পূৰ্বে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰা শ্ৰীমতী সিং ই অতি কম সময়ৰ ভিতৰতে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া অত্যন্ত দক্ষতা, নিষ্ঠা আৰু স্বচ্ছতাৰে পৰিচালনা কৰি বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। কাৰ্যকাল তুলনামূলকভাৱে চুটি হ’লেও তেওঁ জিলাখনৰ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু বিভিন্ন জনস্বাৰ্থ জড়িত বিষয়সমূহ গভীৰ মনোযোগেৰে শুনি সেইসমূহৰ সমাধানৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সহজ-সৰল ব্যৱহাৰ, জনসাধাৰণৰ প্ৰতি থকা আন্তৰিকতা আৰু কৰ্মনিষ্ঠাই অতি কম সময়ৰ ভিতৰতে জিলাখনৰ বিভিন্ন স্তৰৰ লোকৰ মাজত বিশেষ আস্থা আৰু সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
নিৰ্বাচনোত্তৰ সময়ছোৱাতো জিলাখনৰ সামগ্ৰিক উন্নয়নমূলক কাম-কাজৰ গতি ত্বৰান্বিত কৰা আৰু বিভিন্ন ক্ষেত্ৰৰ সমস্যা পোনপটীয়াকৈ অনুধাৱন কৰাৰ উদ্দেশ্যে তেওঁ নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
বিদায় সম্বৰ্ধনা অনুষ্ঠানত মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ কাৰ্যকালত আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱা, কৰ্মদক্ষতা আৰু জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ বিশেষভাৱে শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ সফলতা কামনা কৰি বাক্সা জিলাৰ জিলা আয়ুক্ত হিচাপে নতুন দায়িত্বতো একেদৰে নিষ্ঠা, দক্ষতা আৰু জনসেৱাৰ মনোভাৱেৰে কৰ্মজীৱনৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়।