কাজিৰঙাৰ শোকাৱহ দুৰ্ঘটনাত নিহতসকললৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি
পথ দুৰ্ঘটনাত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আহতসকলৰ আশু আৰোগ্য কামনাৰে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই আজি সন্ধিয়া ৰহা উৰণীয়া সেতুৰ তলত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰহাৰ মাজমজিয়াত অনুষ্ঠিত এই কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদস্য আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উপস্থিত সকলোৱে নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে আৰু বন্তি জ্বলাই শ্ৰদ্ধা জনায়।
ইয়াৰ লগতে দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ আশু আৰোগ্য কামনা কৰা হয়।
অনুষ্ঠানত বক্তাসকলে কাজিৰঙাৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথত বাৰে বাৰে সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিব লাগে বুলি দাবী জনায়। উক্ত অনুষ্ঠানত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জয় কুমাৰ কাকতি, প্ৰাক্তন আছু নেতা দিপজ্যােতি ডেকা,ৰহা আঞ্চলিকৰ সভাপতি আকাশ দাস,সম্পাদক নিহাৰ জ্যােতি ৰজা লগতে সমুহ বিষয়ববীয়া উপস্থিত থাকে ৷
#Challenges #challenges #Assam ##AssamNews #NewsUpdate #newstoday #nagaon #roha #nagaontown #kajironga
Nagaon, Nagaon | Nov 14, 2026