মৰিগাঁও নগৰত মাছৰ উজান! মাছ বুটলিবলৈ ৰাজপথত মানুহৰ ভিৰ
মৰিগাঁও নগৰৰ মাজমজিয়াত সংঘটিত হয় এক ব্যতিক্ৰমী ঘটনা। এখন মাছ পৰিবাহী বাহনৰ পৰা ৰাজপথত মাছ পৰি যোৱাৰ ফলত পথৰ ওপৰতে মাছৰ উজান বোৱা পৰিৱেশৰ সৃষ্টি হয়।
ৰাজপথত মাছবোৰ সিঁচৰতি হৈ পৰাত একাংশ লোকক মাছ বুটলিবলৈ হেতা-ওপৰা কৰা দেখা যায়। মুহূৰ্ততে ৰাজপথত সৃষ্টি হয় এক ব্যতিক্ৰমী দৃশ্যৰ।
এই ঘটনাই মৰিগাঁও নগৰত সৃষ্টি কৰে ব্যাপক চৰ্চাৰ।
#challange #tanding #morigaon_district #morigaon #assam #nagaontown #assam