বিহালীত নিশা শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ যুৱক.....
বিহালী সমষ্টিৰ কাছাৰীত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তথ্য অনুসৰি, নিশা ৰাংচালী দলনীৰ যুৱক ৰূপম দাস আৰু টেলেঙ্গনীয়াৰ যুৱক গজেন্দ্ৰ মালাহে বাইকেৰে আহি থকা সময়তে পথৰ কাষৰ এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে । ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই যুৱকৰ । দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নাম্বাৰ AS12V4073 । পুৱাৰ ভাগত পথাচাৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে ।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7