*শ্ৰীমতী অনামিকা তেৱাৰীৰ মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ*
অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীমতী অনামিকা তেৱাৰীয়ে আজি আনুষ্ঠানিকভাৱে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে শ্ৰীমতী তেৱাৰীয়ে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল।
প্ৰশাসনিক অভিজ্ঞতা, দক্ষতা আৰু দূৰদৰ্শী নেতৃত্বৰ সমন্বয়েৰে তেখেতৰ কাৰ্যকালত মৰিগাঁও জিলাৰ সৰ্বাংগীণ উন্নয়ন, প্ৰশাসনিক দক্ষতা আৰু জনকল্যাণমূলক পদক্ষেপসমূহে অধিক গতিশীলতা লাভ কৰিব বুলি জিলা প্ৰশাসন আশাবাদী।
মৰিগাঁও জিলাৰ উন্নয়নৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্বই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰি মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা নৱনিযুক্ত জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰীৰ প্ৰতি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।