*আকাশবন্তিৰ পোহৰত আলোকিত জাগীৰোডৰ পশ্চিম নগাঁও পথাৰ*
*মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে কাতি বিহু উদযাপন*
চহা কৃষকৰ শ্ৰীবৃদ্ধি, শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যৎ কামনাৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জাগীৰোড কৃষি উন্নয়ন চক্ৰৰ অধীনস্থ পশ্চিম নগাঁও পথাৰত কেন্দ্ৰীয়ভাৱে কাতি বিহু উদযাপন কৰা হয়। জিলা প্ৰশাসন আৰু কৃষক মৰ্চা, জাগীৰোড শাখাৰ সহযোগত আয়োজিত এই অনুষ্ঠানত কাতি বিহুৰ পৰম্পৰা আৰু কৃষিজীৱী অসমীয়া সমাজৰ বিশ্বাস-আস্থাৰ এক সুন্দৰ প্ৰতিফলন ঘটে। অভাৱ-অনাটনৰ মাজতো আশাৰ বন্তি জ্বলাই আগন্তুক দিনৰ সমৃদ্ধিৰ সপোন দেখা অসমীয়া জাতিৰ ধৈৰ্য, অধ্যৱসায় আৰু গভীৰ আশাবাদৰ প্ৰতীক হৈছে কাতি বিহু। কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই পৱিত্ৰ উৎসৱত শস্যৰ সুৰক্ষা, পথাৰৰ উৎপাদনশীলতা আৰু কৃষক ৰাইজৰ মংগল কামনাৰে তুলসীৰ তলত বন্তি জ্বলোৱা তথা পথাৰত আকাশবন্তি প্ৰজ্বলন কৰাৰ পৰম্পৰা অসমীয়া লোকজীৱনৰ এক অবিচ্ছেদ্য অংগ।
এই পৰম্পৰা অক্ষুণ্ণ ৰাখি মৰিগাঁও জিলাৰ সৰ্বাংগীণ মংগল আৰু কৃষক ৰাইজৰ সুখ-সমৃদ্ধি কামনাৰে জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাই আনুষ্ঠানিকভাৱে পথাৰত আকাশবন্তি আৰু তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, সম্পাদক দিলীপ শৰ্মা, কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিশেষ প্ৰতিনিধি অপূৰ্ব্ব ডেকা, কৃষক মৰ্চাৰ মৰিগাঁও শাখাৰ সভাপতি নয়নমণি বৰুৱা, কৃষক মৰ্চা জাগীৰোড শাখাৰ সভাপতি ৰূপজ্যোতি ৰাজকুমাৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকে। বন্তিৰ পোহৰে পশ্চিম নগাঁও পথাৰৰ পৰিৱেশ আধ্যাত্মিকতা, আশাবাদ আৰু কৃষিৰ প্ৰতি শ্ৰদ্ধাৰে আলোকিত কৰি তোলে। অনুষ্ঠানটোৰ আন এক উল্লেখযোগ্য দিশ আছিল কৃষক ৰাইজৰ মাজত ৰাষ্ট্ৰীয় ভোজ্য তেল–তৈল খেজুৰ অভিযান (NMEO-OP) সম্পৰ্কে সজাগতা সৃষ্টি কৰা। এই অভিযানৰ অধীনত তৈল খেজুৰ খেতিৰ সম্ভাৱনা আৰু ইয়াৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হয়। কৃষিখণ্ডৰ বৈচিত্ৰ্যকৰণ আৰু কৃষকৰ আয় বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এনে সজাগতামূলক পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৃষি উপ পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকাই আতধৰা উক্ত অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথ, মহকুমা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়া,কৃষি সম্প্ৰসাৰণৰ সহায়ক তথা বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। কাতি বিহুৰ পৱিত্ৰ ক্ষণত কৃষক ৰাইজৰ সুখ-সমৃদ্ধি আৰু কৃষিখণ্ডৰ উন্নতি কামনাৰে আয়োজিত এই কাৰ্যসূচীয়ে কৃষি আৰু অসমীয়া লোক-পৰম্পৰাৰ মাজৰ নিবিড় সম্পৰ্কক পুনৰ প্ৰতিফলিত কৰে।
Laharighat, Morigaon | Oct 22, 2026