সোণাৰি: সোণাৰিৰ চাফ্ৰাইত গোৰ্খা ছাত্ৰ সন্থাৰ শাখা সমিতি গঠন, উপস্থিত গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি অশোক লামা
সোণাৰিৰ চাফ্ৰাই ২নং বৰপথাৰ গাঁৱৰ হৰি মন্দিৰৰ প্ৰাংগণত দেওবাৰে দুই বজাত গোৰ্খা ছাত্র সন্থা,সোণাৰি আঞ্চলিকৰ সভাপতি ৰামজী নেৱাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখন আঁত ধৰে বাহাদুৰ নেৱাৰে। সভাত গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলাৰ সভাপতি অশোক লামা, শিক্ষা সম্পাদক বিকি প্ৰধান, সোণাৰি আঞ্চলিকৰ বিষয়ববীয়াৰ উপস্থিতিত বিৰিজ নেৱাৰক সভাপতি আৰু গৌতম লামাক সাধাৰণ সম্পাদক হিচাপে লৈ এক শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰা হয়।