সোণাৰি: সোণাৰিত ভোট গণনাৰ অৰ্থে চৰাইদেউ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা, উপস্থিত চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী
সোণাৰিৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে চাৰি বছাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।সোণাৰি আৰু মাহমৰা বিধান সভা সমষ্টিৰ ভোটগণণাৰ বাবে এই নিৰাপত্তা।তিনিটা পৰ্যায়ৰ তালাচীৰ পাছত ভোটগণণা কেন্দ্ৰত উপস্থিত হব পাৰিব।দুয়োটা সমষ্টিৰ বাবে ১৪ খনকৈ টেবুলত সোণাৰি সমষ্টিৰ বাবে ১৩ টা ৰাউণ্ড আৰু মাহমৰাৰ বাবে ১২ ৰাউণ্ডত ভোটগণণা সমাপ্ত কৰা হব।ভোটগণণা সোণাৰি মহাবিদ্যালয়ত স্থাপন কৰা ভোটগণণা কেন্দ্ৰত ৮ বজাৰ পৰা ভোটগণণা আৰম্ভ কৰা হ'ব।