সোণাৰি: সোণাৰিত বিজেপি নেতাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ প্ৰলোভন দি দৰিদ্ৰ হিতাধিকাৰীৰ ৰেচন কাৰ্ড জব্দ কৰাত উত্তেজিত ৰাইজ
সোনাৰিত একাংশ বিজেপি পালিনেতাৰ কৰ্মকাণ্ড অতিষ্ঠ কৰিছে ৰাইজক । শনিবাৰে তিনি বজাত জৱকা চাহ বাগিছাৰ সোণাৰি পৌৰ এলেকাৰ ৬ নং ৱাৰ্ডত দৰিদ্ৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ দিয়াত অনিয়ম সংঘটিত কৰি অহাৰ অভিযুক্ত স্থানীয় এগৰাকী বিজেপি পালিনেতা উমেশ সিংঙৰ বিৰুদ্ধে বাগিচাৰ একাংশ শ্ৰমিক উত্তেজিত হৈ পৰ।তদুপৰি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ দিয়াৰ প্ৰলোভনেৰে এগৰাকী পিতৃ মাতৃহীনা যুৱতীৰ ৰেচন কাৰ্ডখন জব্দ কৰি দুবছৰে ঘুৰাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।