মাহমৰা: বিকাশ যাত্ৰা ২০২৪ ৰ অধীনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত বিকাশ যাত্ৰা ২০২৪-ৰ অংশ হিচাপে আজি মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ অসম চৰকাৰৰ লোকনিৰ্মাণ (গৃহ) বিভাগৰ অধীনত প্ৰায় ৮ কোটি টকাৰ পুঁজিৰে নিৰ্মাণ কৰা হ'ব এই গৃহৰ ৷ এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ু্ক্ত ৰাজকুমাৰ আহোম, মিৰ্জানা হুচেইন, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিন্তী শৰ্মা উপস্থিত থাকে ৷