মাহমৰা: মাহমৰাৰ ডবা তিনিআলি প্ৰেক্ষাগৃহত মাহমৰা সমষ্টিভিত্তিক ভূমিপট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ডবা তিনিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি মাহমৰা সমষ্টিৰ খিলঞ্জীয়া ভূমিহীন লোকক মিছন বসুন্ধৰা ২•০ ৰ অধীনত ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে ভূমিপট্টা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় ৷ মাহমৰা সমষ্টিৰ মুঠ ১৮৮২ জন লোকক পট্টা প্ৰদান কৰা এই অনুষ্ঠানত অসম চৰকাৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ভৈৰৱ দেউৰী আদি উপস্থিত থাকে ৷