মাহমৰা: চৰাইদেউ জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত মাহমৰাৰ কচুমাৰীত ৫১৪ সংখ্যক মহাবীৰ চিলাৰায় দিৱস উদযাপন
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰী বহুমুখীভৱনত আজি দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু মৰাণহাট আঞ্চলিক সমিতিৰ সহযোগত ৫১৪ সংখ্যক মহাবীৰ চিলাৰায় দিৱস অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ বিয়লি অনুষ্ঠিত মুকলি সভাত সদৌ অসম গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ত্ৰৈলোক্য চেতিয়া, কোচ-ৰাজবংশী সন্মিলনীৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে