মাহমৰা: চাহ শ্ৰমিকৰ সমস্যা সন্দৰ্ভত মৰাণহাটত কেন্দ্ৰীয় নেতাৰ উপস্থিতিত এচিএমএচ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ যৌথ সভা সম্পন্ন
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত অসম চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ কাৰ্যালয়ত আজি বিয়লি চাহ মজদুৰ সংঘ আৰু চাহ কৰ্মচাৰী সংঘৰ সোণাৰী আৰু মৰাণ শাখাৰ এখনি যৌথ সভা অনুষ্ঠিত হয় ৷ এই যৌথ সভাত দিপ্লিং আৰু ৰজাবাৰী চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ প্ৰতিনিধি উপস্থিত থাকে ৷ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত দুয়োখন চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৰমহা, ৰেচন আদি বিষয়ত চলি থকা সমস্যাৰ সন্দৰ্ভত আলোচনা হয় ৷