অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱমঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।
শিৱসাগৰ জিলাৰ আমগুৰি চাৰিআলিত আজি অসমীয়া যুৱমঞ্চ আৰু অসমীয়া মহিলা মঞ্চই অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
ডিঙিত মিঠাতেলৰ মালা পিন্ধি আৰু হাতত গেছ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ গ' বেক, মূল্যবৃদ্ধি ৰোধ কৰক , যোগান মন্ত্ৰী হায় হায় আদি ধ্বনিৰে অসমীয়া যুৱ যঞ্চ আৰু অসমীয়া মহিলা মঞ্চই উত্ত্বাল কৰি তোলে আমগুৰি নগৰ।