বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সমাজ কল্যাণ বিভাগৰ ২০২২-২৩ বৰ্ষৰ অধীনত ২৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা টিয়ক গাঁও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে ।
এই আধুনিক অংগনৱাড়ী কেন্দ্ৰটোৱে অঞ্চলটোৰ কণ-কণ শিশুসকলৰ প্ৰাথমিক শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি স্থাপন কৰিব। একে সময়তে গৰ্ভৱতী মহিলা, স্তন্যপান কৰোৱা মাতৃ আৰু শিশুসকলৰ কল্যাণৰ বাবেও এই কেন্দ্ৰটো বিশেষভাৱে সহায়ক হ'ব ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে শিশু আৰু মাতৃ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক পদক্ষেপে তৃণমূল পৰ্যায়লৈ উন্নয়নৰ সুফল কঢ়িয়াই আনিছে। এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটিও সেই প্ৰচেষ্টাৰেই এক উজ্জ্বল নিদৰ্শন।
#highlights
#Sonari #AnganwadiCentre #SocialWelfareDepartment #ChildDevelopment #WomenAndChildWelfare #AssamGovernment #ViksitAssam #BJPAssam #CharaideoDistrict