*বেদেতীৰ আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ দান কৰা মাটিৰ নথিত জালিয়াতিৰ অভিযোগ: ৯ নং লাটৰ লাট মণ্ডলৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগত সংবাদমেল।
বিশ্বনাথ জিলাৰ বেদেতী স্নাতক মহাবিদ্যালয়ৰ বাবে দান কৰা ভূমিৰ অনুমতিৰ ফাইলত জালিয়াতি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে বিহালী মৌজাৰ ৯ নং লাটৰ লাট মণ্ডল লীলা উপাধ্যায়ৰ বিৰুদ্ধে বিশ্বনাথ জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।
পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি, মহাবিদ্যালয়ৰ বাবে শংকৰ দত্ত নামৰ এজন ব্যক্তিয়ে মাটি দান কৰিছিল। সেই মাটি দানসূত্ৰে ক্ৰয়-বিক্ৰয়ৰ অনুমতিৰ বাবে যোৱা ২১-০৭-২০২৬ তাৰিখে সকলো শুদ্ধ নথি-পত্ৰৰ সৈতে লাট মণ্ডলৰ ওচৰত আবেদন জমা দিয়া হৈছিল। ফাইলটোত ২২-০৬-২০২৬ তাৰিখে নটাৰী নৱকান্ত ওজাৰ ওচৰত কৰা এখন Affidavit আছিল, য'ত গ্ৰহণ কৰোঁতা হিচাপে পৰিচালনা সমিতিৰ সম্পাদক দিলীপ বৰাৰ নাম আছিল। লাট মণ্ডলে সেইদিনাই চৰজমিন তদন্তও কৰিছিল।
কিন্তু অভিযোগ মতে, ফাইল আগবঢ়োৱাৰ পৰিৱৰ্তে লাট মণ্ডলে ২৩-০৯-২০২৬ ত দাতা শংকৰ দত্তক ফোন কৰি পুনৰ Affidavit লাগিব বুলি মাতে। ২৫-০৯-২০২৬ ত দত্ত কাৰ্যালয়লৈ গ'লে তেওঁক অধিবক্তা এলিজা তালুকদাৰৰ ওচৰলৈ পঠিয়ায়। অধিবক্তাই প্ৰস্তুত কৰা নতুন Affidavit খনত সম্পাদক দিলীপ বৰাৰ নামৰ ঠাইত অৰিন্দম গোস্বামীক সম্পাদক আৰু কীৰ্তি গোস্বামীক সভাপতি হিচাপে দেখুওৱা হয়। দাতা শংকৰ দত্তই এই দুজন ব্যক্তি মহাবিদ্যালয়ৰ বিষয়ববীয়া নহয় বুলি জানি চহী কৰিবলৈ অমান্তি হয়।
আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল, লাট মণ্ডলে মূল ফাইলত থকা ২২-০৬-২০২৬ তাৰিখৰ পুৰণি Affidavit খনৰ পৰা সম্পাদকৰ নাম কৰ্তন কৰি শংকৰ দত্তক দেখুৱায়। পৰিচালনা সমিতিৰ প্ৰশ্ন - এজন লাট মণ্ডলে ফাইলৰ পৰা Affidavit উলিয়াই নিজাববীয়াকৈ শুদ্ধ কৰাৰ অধিকাৰ ক'ত পালে? এইটো চৰকাৰী নীতি বিৰোধী আৰু জালিয়াতি।
আবেদনখনত উল্লেখ কৰা মতে, ২০১৬ চনৰ ২৬ মে'ত ৰাজহুৱা সভাত গঠন হোৱা পৰিচালনা সমিতিখনে (সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, সম্পাদক দিলীপ বৰা) আজি পৰ্যন্ত মহাবিদ্যালয়খন চলাই আহিছে। ইতিমধ্যে ৫ বিঘা ৪ কঠা মাটি আৱণ্টন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমতি, ২০২৪ চনত মুখ্যমন্ত্ৰীৰ বেদেতী ভ্ৰমণ, কেবিনেটত আদৰ্শ মহাবিদ্যালয় হিচাপে অনুমোদন আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ দ্বাৰা আধাৰশিলা উন্মোচন কৰা হৈছে। যোৱা ২৯-০৭-২০২৬ ত আনকি ৰাজহ বিভাগ আৰু লোক নিৰ্মাণ বিভাগে দান কৰা মাটিৰ Demarcation কৰি পকী খুঁটাও পুতিছে, য'ত সভাপতি আৰু সম্পাদকৰ চহী লাট মণ্ডলে নিজে লৈছিল।
পৰিচালনা সমিতিয়ে আশংকা প্ৰকাশ কৰিছে যে অনুমতিৰ ফাইলৰ আন নথিও সলনি কৰা হৈছে আৰু দাতাৰ চহীও জাল কৰিব পাৰে। যদি উচিত তদন্ত নহয়, তেন্তে তেওঁলোকে আদালতৰ কাষ চাপিব বুলি আবেদনখনত সকীয়াই দিছে।
এই সন্দৰ্ভত লাট মণ্ডল লীলা উপাধ্যায়ৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে পোৱা হোৱা নাই। জিলা প্ৰশাসনে বিষয়টোৰ তদন্ত কৰিব বুলি আশা কৰা হৈছে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7