গহপুৰৰ মিছামাৰীত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত জুবিন গাৰ্গ সোৱৰণী ফুটবল খেলৰ অন্তিমখন কোৱাৰ্টাৰত ফাইনেলত বাক্সাৰ গোৰেশ্বৰ এফ চি ৰ জয়লাভ।
বিশ্বনাথ জিলাৰ গহপুৰৰ মিছামাৰীত মিছামাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু গহপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানৰ লগতে মিছামাৰী যুৱক সংঘৰ সহযোগত অনুষ্ঠিত কৰা প্ৰয়াত জুবিন গাৰ্গ সোৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ আজিৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাৰ আজিৰ খেল বাক্সাৰ গোৰেশ্বৰ ফুটবল একাদশ বনাম মনিপুৰ সদৰ ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। এক অতি উত্তেজনা পূৰ্ণ খেলত ১ - ১ গলৰ ব্যৱধানত দুয়ো দল ড্ৰ হোৱাত ট্ৰাইবেকাৰৰ জৰিয়তে বাক্সাৰ গোৰেশ্বৰ ফুটবল একাদশে জয়লাভ কৰিবলৈ সক্ষম হয়। অহা বৃহস্পতিবাৰে প্ৰথমখন ছেমিফাইনেল খেল আমিঘোষ ফুটবল একাদশ তেজপুৰ বনাম গহপুৰ ক্ৰীড়া সন্থা ফুটবল একাদশৰ মাজত অনুষ্ঠিত হব। সেয়েহে সমুহ ক্ৰীড়া প্ৰেমী দৰ্শকৰ উপস্থিতি একান্ত ভাৱে কামনা কৰিছে উদ্যোগতা সকলে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Oct 6, 2026