মাহমৰা: ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্ৱে টাই আহোমক জনজাতিকৰণ নকৰিলে কৰা হ'ব ভোট বৰ্জনঃ মৰাণহাটত টাইপাৰ কেন্দ্ৰীয় সভাপতিৰ হুংকাৰ
মৰাণহাটত আজি এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্ৱে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ সঁকীয়াই দিয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ মিছলীয়া প্ৰধানমন্ত্ৰী আখ্যা দি টাইপা নেতাজনে জনজাতিকৰণ নকৰিলে লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷