মাহমৰা: মৰাণহাটত কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত যুৱ কংগ্ৰেছৰ জিলা উপসভাপতিসহ শতাধিক যুৱকৰ বিজেপি দলত যোগদান
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহ কাৰ্যালয়ত আজি দুপৰীয়া এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাকেশ চেতিয়াসহ শতাধিক যুৱকে বিজেপি দলত আনুষ্ঠািভাৱে যোগদান কৰে ৷ এই যোগদান অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, মৰাণ মণ্ডলৰ সভাপতি কমল চেতিয়াসহ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷