মাহমৰা: মাহমৰাৰ খুমটাই চাহ বাগিচাত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাই চাহ বাগিচাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ SOPD (ODS) আঁচনি ২০২৩-২৪ বৰ্ষৰ অধীনত আজি বিয়লি পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে খুমটাই গাঁও পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷