মাহমৰা: মৰাণহাটত 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ পৌৰসভা কাৰ্যালয়ৰ প্ৰাংগনত আজি 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ এখনি সভা অনুষ্ঠিত হয় ৷ এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে কেইবাগৰাকীও মহিলাক উদ্যমিতা অভিযানৰ অধীনত আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, উপ পৌৰপতি উদয় শংকৰ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা উপস্থিত থাকে ৷