সোণাৰি: মথুৰাপুৰত কৃত্রিম বানপানীৰ ফলত ঘৰতে আবদ্ধ ৰাইজ ৷ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
কৃত্রিম বানৰ কবলত মথুৰাপুৰৰ বিভিন্ন অঞ্চল। মথুৰাপুৰত কৃত্রিম বানপানীৰ ফলত ৰাইজ ঘৰতে আবদ্ধ হৈ থাকিব লগা পৰিস্থিতি। যোৱা নিশা নেৰানেপেৰা বৰষুণৰ ফলতসৃষ্টি হৈছে কৃত্রিম বানপানীৰ।মথুৰাপুৰৰ ধোদৰ আলিৰ নাজিৰা সমষ্টি আৰু মাহমৰা সমষ্টি। মুখা-মুখি থকা দুটা সমষ্টি। আজি কৃত্রিম বানে বুৰালে দুয়োটা সমষ্টিৰে বিভিন্ন ঠাই। চুকাফা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ড বিৰছা নগৰ, লাচিত নগৰ, মথুৰাপুৰ চাহ বাগিছাৰ মূল প্ৰৱেশ পথ আদিত কৃত্রিম বানৰ ফলত ঘৰৰ সন্মুখৰ পদুলি, পথত একাঠু পানী।