মাহমৰা: মৰাণহাটত যুৱ কংগ্ৰেছ নেতাৰপৰা নগদ ধন জব্দ কৰে SST দলে
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰত SST দলে অভিযান চলাই আজি সন্ধিয়া এজন যুৱ কংগ্ৰেছ নেতাৰ পৰা নগদ ১•৩০ লাখ টকা জব্দ কৰে ৷ গকুল গগৈ নামৰ যুৱ কংগ্ৰেছৰ নেতাজনে মৰাণ নগৰলৈ আহোঁতে SST দলে জব্দ কৰে টকাখিনি ৷ যুৱ কংগ্ৰেছৰ নেতাজনে এয়া ব্যৱসায়ৰ টকা বুলি দাবী কৰিছে যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷