মাহমৰা: মৰাণহাটত দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ চলালে কেবিনেট মন্ত্ৰী যোগেন মহনে
মৰাণৰ নগৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলাই মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে৷ এই প্ৰচাৰ অভিযানত মৰাণ নগৰৰ সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ গৰাকীসকলৰ মাজত প্ৰচাৰপত্ৰ বিতৰণ কৰে মন্ত্ৰীজনে৷ মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয় শংকৰ গগৈ, মৰাণ মণ্ডল বিজেপিৰ সভাপতি লোহিত চেতিয়াকে ধৰি আন আন দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷