মাহমৰা: কচুমাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভা উপস্থিত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক তথা ৰাজ্যিক কেবিনেট মন্ত্ৰী যোগেন মহন
কচুমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত ৷ সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে উপস্থিত ৰাইজক বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোটদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷