মাহমৰা: পাটসাঁকোত মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতি সম্পৰ্কে আয়োজিত সভাত উপস্থিত কেবিনেট মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁই
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাটসাঁকোত অহা ১০ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ আগমনক লৈ আজি নিশা এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয় ৷ এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, কৃষক মৰ্চাৰ জিলা সভাপতি দেৱজিত চাউৰক, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱাকে ধৰি জিলাৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷