মাহমৰা: "গৌৰৱ গগৈৰ হৃদয়খন আছে কলিয়াবৰত, যোৰহাটত পৰাজিত হোৱাটো নিশ্চিত", মৰাণহাট ঠাকুৰবাৰীত কেবিনেট মন্ত্ৰী যোগেন মহনৰ মন্তব্য
চৰাইদেউ জিলাৰ মৰাণহাট ঠাকুৰবাৰীত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সম্পৰ্কত তীৰ্যক মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ মন্ত্ৰীজনে কয় যে যোৰহাটত গৌৰৱ গগৈৰ এন্ট্ৰি হৈছেহে, হৃদয়খন কলিয়াবৰতে আছে ৷ গৌৰৱ গগৈক চাবলৈহে মানুহ কংগ্ৰেছৰ সভালৈ আহে ৷ গৌৰৱ গগৈ যোৰহাটত হৰাটো নিশ্চিত বুলিও দাবী কৰে মন্ত্ৰী যোগেন মহনে ৷