সোণাৰি: নিমনাগড় ধোদৰ আলিত উভালি পৰিল প্ৰকাণ্ড গছ, ঘণ্টা ঘণ্টা সময় আবদ্ধ যাত্রীবাহী নৈশ বাছ, ঘটনাস্থলীত উপস্থিত মথুৰাপুৰ আৰক্ষী
চৰাইদেউ নিমনাগড়ত উভালি পৰিল প্ৰকাণ্ড গছ । ঘন্টা ঘন্টা সময় আবদ্ধ যাত্রীবাহী নৈশ বাছ। ব্যাহত যাতায়াত ব্যৱস্থা আবদ্ধ হৈ পৰিছে সোণাৰি পৰা গুৱাহাটীলৈ যোৱা নৈশ যান-বাহন সমূহ। চৰাইদেউ জিলাৰ নিমনাগড় ধোদৰ আলিত প্রকাণ্ড গছ উভালি ক্ষতি সাধন। ওপৰত গছ পৰি ব্যাহত যাতায়ত ব্যৱস্থা। সোণাৰি পৰা শিৱসাগৰ সংযোগী ঐতিহাসিক ধোদৰ আলি পথৰ ওপৰত এজোপা পুৰণি প্ৰকাণ্ড গছ ভাঙি পথ ওপৰত বাগৰি পৰা ফলত পথছোৱাত সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে।