সোণাৰি: চফ্রাই মোহন গাঁৱত অ'এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ, পথ অৱৰোধ কৰি তেল খাদৰ কাম-কাজত বাধা ৰাইজৰ
চফ্রাই মোহন গাঁৱত স্থাপন কৰা ইভি২০০০/৫ নম্বৰৰ তেল খাদটোলৈ প্ৰৱেশ কৰা চফ্ৰাই-চেপন ফিডাৰ পথ সংযোগী প্রায় ১ কিলোমিটাৰ দৈৰ্ঘৰ ন-আলি পথটো অএনজিচিৰ গধুৰ যান-বাহন চলাচল কৰাৰ ফলত সম্প্রতি বিধ্বস্ত হৈ পৰিছে। পথটোৰে দৈনিক অহা যোৱা কৰা স্থানীয় ৰাইজে অএনজিচিৰ কৰ্তৃপক্ষক পথটো মেৰামতিৰ বাবে আবেদন কৰাৰ পাছতো তেল কোম্পানীটোৱে ৰাইজৰ সমস্যাৰ প্ৰতি আওকাণ কৰি অহাত আজি ৰাইজে পথটোত অএনজিচিৰ সকলো ধৰণৰ যানবাহন চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিকূল বতৰকো নেওচি স্থানীয় ৰাইজৰ প্ৰতিবাদ