সোণাৰি: সোণাৰিৰ নামতোলাত দুটা হাতীৰ দাঁতসহ এজন নগা যুৱকক আটক, যুৱকজন নাগালেণ্ডৰ জবকা বস্তিৰ মনখাম কন্যাক
চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলাত দুটা হাতীৰ দাঁতসহ নগা যুৱক আটক। নাগালেণ্ডৰ জবকা বস্তিৰ মানখাম কন্যাক (৩৬) নামৰ যুৱক জনে হাতী দাঁত দুটা চৰাইদেউৰ নামতোলাত এক বিশেষ চক্রক বিক্ৰী কৰিবলৈ যো জা কৰোতেই নামতোলা খণ্ড বন বিষয়া বিজয় গোহাঁইৰ নেতৃত্বত বন কর্মীয়ে দাঁত দুটাসহ নগা যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান নগা যুৱক জনক নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷