সোণাৰি: সোণাৰিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন, উপস্থিত মন্ত্ৰী যোগেন মহন
সোণাৰিৰ চৰাইদেউ জিলা আয়ুক্তৰ সভা কক্ষত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি বৃস্পতিবাৰে তিনি বজাত উদ্ যাপন কৰা হয়।সভাত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰ, মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা অৰুণ বৰুৱাই ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন,সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।