সোণাৰি: সোণাৰি ভজোত টাই আহোম যুৱ পৰিষদ ভজো আঞ্চলিক সমিতিৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন
চৰাইদেউ জিলাৰ ভজোৰ ২১৭ নং প্রাথমিক বিদ্যালয়ত টাই আহোম যুৱ পৰিষদ,অসম (টাইপা) ভজো আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ গাঁওবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্য্যসূচীৰে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰে মুকলি সভাত সভাপতিত্ব কৰে গোলাপ কোঁৱৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমাজ কর্মী ও শিক্ষক ডিম্বেশ্বৰ কোৱৰ।কেন্দ্ৰীয় সমিতিৰ সম্পাদক উদ্দীপ্ত গগৈ, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নিতুল গগৈ উপস্থিত থাকে ৷ বৃক্ষৰোপণ কৰে নাফুক আঞ্চলিক বন বিষয়াই ৷