তৃতীয়বাৰৰ বাবে শিৱসাগৰত আটাছুৰ নিজাববীয়া উচ্ছেদ অভিযান। ঐতিহাসিক যমুনা বেদখলৰ বিৰুদ্ধে বিগত ২৯ অক্টোবৰ তাৰিখৰ পৰা আটাছুৱে আৰম্ভ কৰিছিল নিজাববীয়া উচ্ছেদ অভিযান। ভাঙি দিলে বাঁহ কাঠৰ অবৈধভাবে নিৰ্মাণ কৰা ঘৰ। বিগত ৩০ অক্টোবৰ তাৰিখে বিফল হৈছিল জিলা প্ৰশাসন আৰু আটাছুৰ বৈঠক। ছয় নৱেম্বৰত শিৱসাগৰ বন্ধৰ সিদ্ধান্তত অটল আটাছু। উচ্ছেদ অভিযান স্থলীত বিশাল আৰক্ষী বাহিনী আৰু জিলা প্ৰশাসনৰ লোক।