*উদীয়মান কণ্ঠশিল্পী ৰিতপল বৰকাকতিৰ নৱতম দৃশ্য-শ্ৰব্য গীত মুকলি*
শিৱসাগৰৰ উদীয়মান কণ্ঠশিল্পী ৰিতপল বৰকাকতিৰ 'তোমাতেই আছো মই' শীৰ্ষক এক নৱতম দৃশ্য শ্ৰব্য গীত আজি মুকলি কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই গীতটো মুকলি কৰা হয়। গীতটোৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকি গীতটো মুকলি কৰে বিশিষ্ট সংগীত শিল্পী জয়ন্ত দত্তই। অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰূপক ভূঞা, সাংবাদিক ৰাতু দাস, হিমাংশু নেওগ, শিক্ষাবিদ পলাশজ্যোতি বৰদলৈ, গৌতম দত্ত ফুকন, বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰঠাকুৰৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
শিৱসাগৰৰ যুৱ সাংবাদিক তথা কবি সত্যজিৎ নাথৰ ৰচনা আৰু ৰিতপল বৰকাকতিয়ে সংগীত পৰিচালনা কৰা গীতটোৰ বাণীবন্ধন ষ্টুডিঅ' ফিউজনত। ভিডিঅ' চিত্ৰগ্ৰহণ আৰু সম্পাদনা কৰিছে জাহ্নুজিত সোনোৱালে।
https://youtu.be/eiBYSNJ5Ncs?si=0DVp_ndre4AyaFYY
#sivasagar
#sivasagarassam
#ritpolborkakoti
#videosongrelease
#assamesevideorelease
#tumartaiasumoi
#তোমাৰতেইআছোমই
Ritpol Borkakoti