আজি শ্বহীদ দিৱস।আজিৰ দিনটোতে গহপুৰ থানাত ত্ৰিৰংগা পতাকা উৰুৱাব গৈ ৪২ৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। স্বাধীনতাৰ পিছৰে পৰা দেশৰ অন্য প্ৰান্তৰ লগতে গহপুৰতো দল- সংগঠন ব্যক্তি বিশেষে শ্বহীদ দিৱস উদযাপন কৰি আহিছে। আজিও গহপুৰত বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগতে ব্যক্তি বিশেষে দুয়োগৰাকী শ্বহীদক সোঁৱৰণ কৰে। গহপুৰ নগৰস্থিত কনকলতা বৰুৱা মুকুন্দ কাকতিৰ ব্ৰঞ্জৰ যুগল প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বৰঙাবাৰীৰ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি,সমাধিস্থল আৰু ঘাহিগাৱৰ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰে।
১/উৎপল বৰা, বিধায়ক গহপুৰ
২/ ৰিপুন বৰা , কংগ্ৰেছ
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7