আজি ১৯ ছেপ্টেম্বৰ জুবিন দিৱস । ৰাজ্যৰ বিভিন্ন দল সংগঠনে জুবিন দিৱস পালন কৰাৰ সমান্তৰালকৈ গহপুৰ কংগ্ৰেছে পালন কৰিছে জুবিন দিৱস । ২০২৫ চনৰ আজিৰ দিনটোতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ৰ মহাপ্ৰয়াণ ঘটিছিল। আজি এটা বছৰ সম্পূৰ্ণ হ'ল। ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত জুবিন দিৱস হিচাপে পালন কৰা হৈছে আজিৰ দিনতো । গহপুৰ কংগ্ৰেছৰ উদ্যোগত ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কাৰ্যালয় কনকলতা ভৱনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উপস্থিত থাকে প্ৰাক্তন বিধায়ক ৰিপুন বৰা, প্ৰাক্তন বিধায়িকা মণিকা বৰা লগতে কংগ্ৰেছ কৰ্মী সকল।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7