*শিৱসাগৰত জিলা লেখিকা সমাৰোহ সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন উদযাপন গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে*
*উন্মোচন "সুভাষিণী" "গল্প গুচ্ছ" আৰু " অভিশপ্ত" অক্টোবৰ শীৰ্ষক তিনি খনকৈ গ্ৰন্থ*
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ এই পঞ্চম দ্বি বাৰ্ষিক অধিৱেশন উদযাপন কৰা হয় শিৱসাগৰ নগৰৰ শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰৰ প্ৰেক্ষাগৃহত
সদৌ অসম লেখিকা সমাৰোহ সমিতি শিৱসাগৰ জিলাৰ সম্পাদিকা জেউতি বৰাই আঁত ধৰা এই সমগ্ৰ কাৰ্যসূচীৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে প্ৰণীতা লাচিতে , ইয়াৰ পাছত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° অৰুন্ধতী মহন্তই । অন্যহাতে বন্তি প্ৰজ্বলন হিচাপে উপস্থিত থাকে জিলা মহিলা সমিতিৰ বিষয়ববীয়া মণিকা শইকীয়া , মুকলি সভাৰ উদ্ধোধক হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা স্নিগ্ধাৰাণী গগৈ ।
উল্লেখ যে বিশিষ্ট লেখিকা অনুৰাধা দত্ত আৰু নিকুমণি দত্তৰ সম্পদনাৰে গল্প সংকলন " গল্প গুচ্ছ " , দিপালী গগৈ ৰাজকোঁৱৰৰ গল্প সংকলন "অভিশপ্ত অক্টোবৰ" আৰু পঞ্চম দ্বি বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা দেৱযানী মহন্ত আৰু ড° মিন্তী গগৈৰ সম্পাদনাত মুখপত্ৰ " সুভাষিণী " ৰ উন্মোচক হিচাপে উপস্থিত থাকে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক ড°মানজিত গগৈ । ইয়াৰোপৰি নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে অধ্যাপিকা গুণমণি গগৈ ।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদিকা সুভদ্ৰা বৰাৰ লগতে শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰায় সমুহ বিষয়ববীয়া আৰু সদস্যাৰ উপস্থিতিত কাৰ্যসূচী সফল ভাৱে ৰূপায়ণ কৰা হয় শিৱসাগৰত লেখিকি সমাৰোহৰ এই অধিবেশন ।
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026 #highlight